Category:বোলছবি
From Wikipedia
ভাৰতীয় বোলছবি জগতলৈ মীৰা নায়াৰৰ উপহাৰ 'নেমসেক'
মাৰ্কিন নিবাসী বঙালী কন্যা ঝুম্পা লাহিড়ীৰ পুলিত্জাৰ বঁটা বিজয়ী উপন্যাস 'নেমসেক'-এ ইতিমধ্যেই সমগ্ৰ বিশ্বতে বিশেষ পৰিচয়েৰে উদ্ভাসি উঠিছে৷ এনে সময়তে ভাৰতীয় বোলছবিৰ বলিষ্ঠ পৰিচালক মীৰা নায়াৰৰ হৃদয় চুই যায় উপন্যাসখনে৷ উপন্যাসৰ কাহিনী, চৰিত্ৰ, নানা আংগিক আৰু উপাদানে পৰিচালক মীৰা নায়াৰৰ চকুত এখন ছবিৰ স্বপ্ন হৈ ধৰা দিছিল৷ সাধাৰণতেই উপযুক্ত পৰিবেশ আৰু সুবিধা পালে সৃষ্টিশীল মনটোক মীৰা নায়াৰে উপেক্ষা নকৰে৷ ঝুম্পা লাহিড়ীৰ নেমসেক অধ্যয়ন কৰাৰ পিছ্ত মনত গঢ় লোৱা ধাৰণাটোক তেওঁ উপেক্ষা নকৰিলে৷ ঝুম্পাৰ কিতাপত আৱদ্ধ কাহিনী আহি অন্য এক প্ৰাণ পালে মীৰা নায়াৰৰ কথাছবিৰ ৰূপত৷ চলিত এপ্ৰিল মাহৰ প্ৰথম সপ্তাহত মুক্তি পোৱা ছবিখনে মুক্তি পোৱাৰ লগে-লগেই ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিশেষ মৰ্যদাৰে ভূমুকি মাৰিছে৷ সচেতন ছবিৰ দৰ্শক আৰু সমালোচকৰ প্ৰশংসাত পঞ্চমুখ হৈ উঠিছে ছবিখন৷
সাহিত্য মূলত সমাজৰ প্ৰতিফলন৷ সাহিত্যিকে বাস্তবৰ নানা উপাদানৰ পৰাই কল্পনাৰ ৰহণ সানি পাঠকৰ সন্মূখত তুলি ধৰে৷ সাহিত্যৰ প্ৰতিটো শব্দ-বৰ্ণৰ আঁৰে-আঁৰে অন্তৰ্হিত হৈ থকা বাস্তবে আমাৰ জীৱনতো কেনেদৰে প্ৰভাৱ বিস্তাৰ কৰে তাৰেই উপযুক্ত প্ৰকাশ নেমসেক৷ চিনেমাখনৰ এটা প্ৰধান চৰিত্ৰ অশোক গাংগুলীয়ে ৰেল দুৰ্ঘটনাত প্ৰথমা পত্নী আৰু সন্তানক হেৰুৱাৰ ক্ষণিক আগলৈকে পঢ়ি আছিল ৰাছিয়ান লেখক নিকোলাই গোগলৰ গল্পসমগ্ৰ৷ অশোক গাংগুলীৰ হাতত গোগলৰ কিতাপখন দেখি নষ্টালজিয়াত বুৰ গৈছিল এগৰাকী সহযাত্ৰী৷ তেওঁ গাংগুলীক বিশ্ব ভ্ৰমণৰ বাবে উত্সাহিত কৰিছিল....আৰু দুৰ্ঘটনাৰ পৰৱৰ্তী পৰ্যায়ত সহযাত্ৰীজনে কোৱা সকলো কথাই বাস্তব হৈ অশোক গাংগুলীৰ জীৱনত ধৰা দিয়ে৷
ঝুম্পাৰ উপন্যাসখনৰ দফাই-দফাই বিস্তাৰিত হৈ থকা প্ৰবাসী ভাৰতীয় বঙালী পৰিয়ালৰ নিকট বাস্তবৰ অলেখ অভিঘাতেই চিনেমাখনৰ মূল৷ উপন্যাসখনৰ দৰেই চিনেমাখনতো অনেক অভিঘাত পৰিচালকে ধৰি ৰাখিব বিচাৰিছে যদিও সেয়া সম্পূৰ্ণ হৈ উঠা নাই৷ উপন্যাসখনৰ 291 পৃষ্ঠাৰ বিস্তৃত বৰ্ণনাক মাত্ৰ দুঘন্টাত আৱদ্ধ কৰি ৰখা মীৰা নায়াৰৰ কৃতিত্ব অৱশ্যে প্ৰত্যেকটো শ্বটতে স্পষ্ট হৈ আছে৷
প্ৰবাসী বঙালী অশোক গাংগুলীৰ পৰিয়ালটোৰ জীৱনলৈও যেন অৱধাৰিতভাৱে নামি আহিছিল ৰাছিয়ান গল্পকাৰ নিকোলাই গগোলৰ এটা আকৰ্ষণীয় গল্পৰ চৰিত্ৰ আকোকি আকাকিয়েভিচৰ কাহিনীভাগ৷ দুখৰ অৰণ্যৰে আৱৰি ৰখা আকাকিয়েভিচৰ জীৱনলৈ হঠাত পৰিৱৰ্তন আহিল এটা নতুন কোট পিন্ধাৰ পিছ্ত৷ অত্যন্ত ভাবুক, আত্মনিমজ্জিত, আনৰ দ্বাৰা উপেক্ষিত মানুহটোৰ জীৱনলৈ নামি আহিছিল পৰিৱৰ্তন৷ মানুহৰ সতে মুকলি হৈ তেওঁ লাভ কৰিছিল সান্নিধ্য, সহানুভুতি৷ কিন্তু, ক্ষণিক পিছতে জীৱনৰ কঠোৰতাত সকলো শেষ হৈ যায়৷পলে-পলে অশোক আৰু অসীমা(অশোকৰ পত্নী)-ৰ জীৱনৰ মাজলৈও যেন নামি আহিছিল আকাকি৷ অশোক আৰু অসীমাৰ জীৱনৰ অনিত্যতা স্পষ্ট হৈ উঠে ছবিখনত৷ প্ৰবাসত জন্মহোৱা পুত্ৰৰ নামো তেওঁলোকে প্ৰিয় লেখক গোগলৰ নামেৰেই ৰাখে৷ কিন্তু মাৰ্কিন সমনীয়াৰ তীব্ৰ উপেক্ষা আৰু ব্যংগতাই গোগলক ভাৰতীয় নাম নিখিললৈ পৰিবৰ্তন কৰিবলৈ বাধ্য কৰিলে৷ গোগলৰ মাৰ্কিন প্ৰেয়সীৰ সৈতে সম্পৰ্ক, পৰৱৰ্তীকালত বঙালী মূলৰ কন্যাৰ সতে বিবাহ আৰু বিচ্ছেদ আদিয়ে অশোক-অসীমাৰ সংসাৰখনৰ অভিঘাতসমূহ স্পষ্ট কৰি তোলে৷ ভাৰতীয়ত্ব পাহৰি মাৰ্কিন সংস্কৃতিৰ আৱেশত বুৰ যোৱা গোগলে কিন্তু পৰৱৰ্তী কালত নিজৰ অস্তিত্বৰ সান্নিধ্যলৈ উভতি আহে৷ মূলতঃ শিপাৰ এক আৱেগে যেন ছবিখনৰ বহু কথা অৱধাৰিতভাৱে কৈ থাকে সেই ভাৱ ছবিখনত স্পষ্ট হৈ পৰে৷ কোনো এক জন্মদিনত পিতৃয়ে উপহাৰ দিয়া নিকোলাই গোগলৰ গল্প সমগ্ৰখন প্ৰথমে উপেক্ষা কৰা গোগলে পৰৱৰ্তী কালত কিতাপখনৰ মৰ্মাৰ্থ উপলব্ধি কৰে৷ পিতৃৰ মৃত্যুৰ পিছ্ত বাৰে-বাৰে গোগলৰ কৰ্ণ প্ৰহৰত খুন্দা মাৰেহি অশোক গাংগুলীৰ এষাৰি কথা - 'Remember, We all came out of Gogl's overcoat...'| স্থান-কাল নিৰ্বিশেষে বিভিন্ন পৰিস্থিতি আৰু পৰিবেশত মানুহৰ জীৱনে কিভাৱে সাহিত্যৰ সতে সম্পৰ্কিত হৈ উঠে সেয়া ছবিখনৰ অন্তিমফালে গোগলৰ অভিব্যক্তিয়ে সকলো প্ৰকাশ কৰি তোলে৷
ভাৰতীয় বোলছবি জগতত সুকীয়া পৰিচয়েৰে পৰিচিত মীৰা নায়াৰৰ এই ছবিখনৰ কাহিনীৰ প্ৰয়োজনীয়তাতে গৰিষ্ঠসংখ্যক চিত্ৰগ্ৰহণ মাৰ্কিন যুক্তৰাষ্টৰ বিভিন্ন লোকেশ্যনত লোৱা হৈছে, আনহাতে একতৃতীয়াংশ লোকেশ্যন কল'কাতা৷ ক'লকাতাৰ লোকেশ্যনসমূহ তুলি ধৰিবলৈ গৈ পৰিচালকে গুৰুত্ব দিয়া লোকেশ্যন আৰু পৰিবেশ কিন্তু আশানুৰূপভাৱে সফল হৈ উঠা নাই৷ হৈ-হাল্লা, হাওৰা ব্ৰীজ আদিৰ সঘন উপস্থিতিয়ে ছবিখনৰ বাস্তবতা আৰু কলাত্মক দিশটো বহু পৰিমাণে কমাই আনে৷ নীতিন চৌনেই দিয়া সংগীত ছবিখনৰ বিশেষ যোগাত্মক দিশ৷ বিশেষকৈ ছবিখনৰ শেষৰফালে অসমীয়া গোৱালপৰীয়া লোকসংগীতৰ লগত বহু পৰিমাণে মিল থকা বঙালী লোকসংগীতৰ মাঝিগীতে ছবিখনৰ সমষ্ট কাহিনীক প্ৰকাশ কৰাত বিশেষ অৰিহনা যোগাইছে৷ ছবিখন মূলত দৰ্শকৰ কাষ চাপিব পাৰিছে অভিনেতা-অভিনেত্ৰীসকলৰ অনবদ্য অভিনয়ৰ বাবে৷ অশোক গাংগুলীৰ চৰিত্ৰত অভিনয় কৰা ইৰফান খানৰ অসাধাৰণ অভিনয়ে অভিনেতাজনক যে ভৱিষ্যতে বিশেষ ৰূপত তুলি ধৰিব সি নিশ্চিত৷ এজন পূৰাপূৰি বঙালী মানুহৰ চৰিত্ৰৰ আবেষ্টনিৰ মাজত ইৰফান খানৰ অনন্য অভিনয়ৰ লগতে অসীমাৰ চৰিত্ৰত টাবুৰ অভিনয়ো মনকৰিবলগা৷ আনহাতে, বলিষ্ঠ অভিনয়ৰে দৰ্শকক আৰম্ভণিৰ পৰা মোহাবিষ্ট কৰি ৰখা ছবিখনৰ মূল চৰিত্ৰ গোগলৰ অভিনয়ত কাল পেনৰ অভিনয় অপূৰ্ব৷