ৰাষ্ট্ৰসংঘৰ স্বীকৃত ভাষা
From Wikipedia
ৰাষ্ট্ৰসংঘৰ স্বীকৃত ভাষা
ৰাষ্ট্ৰসংঘই ৬ টা ভাষাক চৰকাৰী ভাষাৰূপে স্বীকৃতি দিছে৷ সেইকেইটা হ'ল: আৰবী, চীনা, ইংৰাজী, ফৰাচী, ৰাছিয়ান আৰু স্পেনিছ৷ ৰাষ্ট্ৰসংঘ গঠনৰ সময়তেই ইয়াৰে পাঁচটা ভাষাক নিৰ্বাচিত কৰা হৈছিল (ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যসকলৰ দেশীয় ভাষাসমূহৰ লগতে স্পেনিছ ভাষাক)৷ আৰবী ভাষাক ১৯৭৩ চনত যোগ কৰা হৈছিল ৷ ৰাষ্ট্ৰসংঘৰ সচিবালয়ৰ কামকাজত ইংৰাজী আৰু ফৰাচী, এই দুটা ভাষাক ব্যৱহাৰ কৰা হয়৷ৰাষ্ট্ৰসংঘৰ কাৰ্য্যালয়ৰ স্বীকৃত ভাষাৰ সংখ্যা কমাব লাগে নে (উদাহৰণ স্বৰূপে, কেৱল ইংৰাজী) বঢ়াব লাগে তাক লৈ সঘনাই বিবাদ হৈ থাকে৷ ২০০১ চনত স্পেনিছ ভাষা অধ্যুষিত ৰাষ্ট্ৰসমূহে স্পেনিছ ভাষাই ইংৰাজী ভাষাৰ সমপৰ্য্যায়ৰ মৰ্য্যদা নোপোৱা বুলি অভিযোগ তুলিছিল৷ হিন্দী ভাষাক ৰাষ্ট্ৰসংঘৰ সপ্তম চৰকাৰী ভাষাৰূপে স্বীকৃতি দিব লাগে বুলিও দাবী তোলা হৈছে৷ইংৰাজী ভাষাৰ বাবে ৰাষ্ট্ৰসংঘই ব্ৰিটিছ ব্যৱহাৰ আৰু অক্সফ'ৰ্ডৰ দ্বাৰা অনুমোদিত মান্য বানানক অনুসৰণ কৰে৷