অসম বুৰঞ্জী
From Wikipedia
বুৰঞ্জী হ'ল আহোম আৰু অসমীয়া ভাষাত লিখা ঐতিহাসিক ঘটনাপঞ্জী৷ সম্ভৱ প্ৰথম বুৰঞ্জী ১২২৮ খৃঃত প্ৰথম আহোম ৰজা স্বৰ্গদেউ চুকাফাই আহোম ৰাজত্ব আৰম্ভ কৰাৰ সময়তে তেওঁৰ নিৰ্দেশত প্ৰণয়ণ কৰা হৈছিল৷ সেই সময়তে লেখক বৰুৱা নামৰ এটা পদৰ তত্বাৱধায়ত এচাম পণ্ডিতৰ সহায়ত সেইসময়ৰ ঘ্টনাসমূহ, যুদ্ধৰ বৰ্ণনা, অন্য ৰজাৰ লগত যোগাযোগ, আইনী ব্যৱস্থা, আদি লিখি ৰখা হৈছিল৷ ইয়াৰ উপৰিও ৰজাৰ দিনৰ ভাষা, সংস্কৃতি, সমাজ ব্যৱস্থা আৰু ৰজাৰ দিনত কৰা যিকোনো কাম লিখি ৰখা হৈছিল৷ বুৰঞ্জী লিখা হৈছিল সহজ সৰল বোধগম্য ভাষাত৷ বুৰঞ্জী লিখা এই পৰম্পৰা আহোম ৰাজত্বৰ ৬০০ বছৰ ধৰি চলিছিল৷ পিছৰ বিট্ৰিছ অহাৰ পিছত ইয়াৰ লিখা কাৰ্য্য মাৰ গেইছিল৷
সাহিত্যিক অৰ্থত বুৰঞ্জী মানে হ'ল "মূৰ্খৰ জ্ঞানৰ ভৰাঁল (আহোম ভাষাত : বু-মূৰ্খ ব্যক্তি; ৰন-জ্ঞান; জী-সংগ্ৰহ)৷ বুৰঞ্জী কেৱল আহোম ৰাজত্বৰ বিষয়েই লিখা হোৱা নাছিল তাৰ দাঁতি কাষৰীয়া (কছাৰী, চুটীয়া আৰু ত্ৰিপুৰা বুৰঞ্জী) যিবোৰ ৰজাই সহায় কৰিছিল তাৰ বিষয়েও লিখা হৈছিল৷
বুৰঞ্জীসমূহ সাঁচি গছৰ বাকলি আৰু তুলা পাতত লিখা হৈছিল৷ বৰ্তমান বহুতো বুৰঞ্জী সংগ্ৰহ কৰি তাক প্ৰকাশ কৰা হৈছে৷ ৰাজেশ্বৰ সিংহ, কৃতি চন্দ্ৰ বৰবৰুৱা আদিৰ ৰাজত্ব কালৰ বহু বুৰঞ্জী নষ্ট কৰিও দিয়া হৈছিল কাৰণ তেওঁলোকৰ সন্দেহ আছিল যে ইযাৰ দ্বাৰা তেওঁলোকৰ সাধাৰণ জন্মৰ বিষয়ে আনে গম পাব৷
[edit] কিছুমান বুৰঞ্জীৰ তালিকা
- অসম বুৰঞ্জী- হৰকান্ত বৰুৱা,
- অসম বুৰঞ্জী- কাশীনাথ তামুলী ফুকন,
- অসমৰ পদ্য বুৰঞ্জী,
- আহোম বুৰঞ্জী- গোলাপ চন্দ্ৰ বৰুৱা,
- চাওৰুং ফুকন বুৰঞ্জী,
- দেওধাই অসম বুৰঞ্জী,
- পাদছাহ বুৰঞ্জী,
- পুৰণি অসম বুৰঞ্জী,
- সাতসৰী অসম বুৰঞ্জী- হেমচন্দ্ৰ গোস্বামী,
- তুণ্ঙখুণ্গীয়া বুৰঞ্জী,
- শ্ৰীনাথ দুৱৰা বুৰঞ্জী,
[edit] প্ৰসঙ্গ
চৰকাৰ, জে. এন. (১৯৯২) বুৰঞ্জী: আহোম অণ্ড আসামিজ ইন ড্যা কম্পেৰহেনচিভ হিষ্টৰী অৱ আসাম খণ্ড II (সম্পাদিত এইছ কে বৰপূজাৰী), প্ৰকাশন বৰ্ড, অসম
Template:Hist-book-stub