অসমীয়া
From Wikipedia
অসমীয়া (IPA: [ɔxɔmija]) ভাষা ভাৰতৰ উত্তৰ-পূবত অৱস্থিত অসম ৰাজ্যৰ থলুৱা বসবাসীসকলৰ মূল ভাষা তথা ৰাজ্যখনৰ ৰাজ-ভাষা| অসমৰ উপৰি উত্তৰ-পূব ভাৰতৰ আন আন ৰাজ্যতো অসমীয়া ভাষা-ভাষী লোক আছে| ভাৰতৰ উপৰি ভুটান আৰু বাংলাদেশতো অসমীয়া কওঁতা আছে বুলি জনা যায়[১]| ১৯৯১ চনৰ পিয়ল[২] অনুসৰি অসমীয়া কওঁতাৰ সংখ্যা ১.৩ কোটিৰ অধিক|